Hebrews 10

19 গতিকে, ভাই-ভনীসকল, আমি পোনে পোনে পবিত্ৰ স্থানলৈ সোমাই যাব পাৰো! কেনেকৈ? যীচুৰ তেজৰ জৰিয়তে!

26 সত্যক জনাৰ পিছতো যদি আমি জানি-শুনি পাপ কৰিয়েই থাকো, তেন্তে আমাক ঢাকিবলৈ আৰু কোনো বলিদান বাকী নাথাকে।

32 সেই আগৰ দিনবোৰৰ কথা মনত পেলাওক। প্ৰথমবাৰৰ বাবে আপোনালোকৰ ওপৰত পোহৰ পৰিছিল। তাৰ পিছত বেয়া সময় আহিছিল। কিন্তু আপোনালোক থিয় হৈ আছিল!

33 কেতিয়াবা সকলোৱে দেখাকৈ তেওঁলোকে আপোনালোকক টানি নিছিল। তেওঁলোকে আপোনালোকক লাজ দিছিল। তেওঁলোকে আপোনালোকক মাৰপিট কৰিছিল। আন কেতিয়াবা আকৌ যিসকলৰ লগত তেনে ব্যৱহাৰ কৰা হৈছিল, আপোনালোক তেওঁলোকৰ কাষত থিয় দিছিল।