Numbers 11

1 মানুহবোৰে গুণগুণাবলৈ আৰম্ভ কৰিলে। যিহোৱাই প্ৰতিটো কথা শুনিলে। তেওঁৰ বৰ খং উঠিল! যিহোৱাৰ পৰা জুই ওলাই আহিল! জুইয়ে ছাৱনিৰ চাৰিওফালে আগুৰি ধৰিলে আৰু বাহিৰৰ সকলো বস্তু পুৰি পেলালে।

4 তাৰ পাছত, তেওঁলোকৰ লগত থকা কিছুমান বিদেশী মানুহে ভোকত আতুৰ হৈ পৰিল। সোনকালেই গোটেই ইস্ৰায়েল ছাৱনিৰ মানুহে আকৌ কান্দিবলৈ ধৰিলে। তেওঁলোকে বিনাই ক'লে, "আমি মাংস বিচাৰোঁ! কোনে আমাক খাবলৈ মাংস দিব?"

31 সেই সময়তে, যিহোৱাই বৰ জোৰেৰে বতাহ বোৱালে! সেই বতাহে সাগৰৰ পৰা বতা চৰাই উৰুৱাই আনিলে! চৰাইবোৰ ছাৱনিৰ চাৰিওফালে পৰিলহি। সেইবোৰ চাৰিওফালে এদিনৰ বাট জুৰি পৰি থাকিল! মাটিত চৰাইবোৰ মানুহৰ কঁকালৰ সমান ওখকৈ জমা হৈ পৰিল!

33 কিন্তু মাংস মুখত সোমোৱাৰ লগে লগে, গিলাৰ আগতেই, যিহোৱাৰ খং তেওঁলোকৰ ওপৰত জ্বলি উঠিল! তেওঁ মানুহবোৰক এক ভয়ংকৰ বেমাৰ দিলে!

34 তেওঁলোকে সেই ঠাইৰ নাম কিব্ৰোৎ-হত্তবা ৰাখিলে। ইয়াৰ অৰ্থ হ'ল "লোভৰ মৈদাম।" যিসকল মানুহে নিজৰ লোভ দমাব নোৱাৰিলে, তেওঁলোকক তাতেই পোঁতা হৈছিল।