Numbers 22
1 ইস্ৰায়েল আগবাঢ়ি গৈ থাকিল। যিৰীহোৰ পৰা যৰ্দন নদীৰ সিপাৰে, মোৱাবৰ সমতল ভূমিত তেওঁলোকে তম্বু তৰিলে।
4 মোৱাবৰ নেতাসকলে মিদিয়নৰ নেতাসকলক ক’লে, "এই মানুহৰ ভিৰে মাটিবোৰ উদং কৰি পেলাব! গৰুৱে পথাৰৰ ঘাঁহ খোৱাৰ দৰে সিহঁতে সকলো খাই পেলাব।" চিপ্পোৰৰ পুতেক বালাক মোৱাবৰ ৰজা আছিল।
15 বালাকে হাৰ নামানিলে। এইবাৰ সি আৰু বেছি মানুহ পঠিয়ালে। আগতকৈ বেছি ক্ষমতাশালী, বেছি সন্মানীয় মানুহ।
22 কিন্তু বিলিয়ম যোৱাৰ কাৰণে ঈশ্বৰৰ বৰ খং উঠিল। যিহোৱাৰ দূতে বাট ভেটিবলৈ তৰোৱাল লৈ শত্ৰুৰ দৰে ৰাস্তাত থিয় হ’ল। বিলিয়ম গাধৰ ওপৰত উঠি গৈছিল। দুজন সহায়ক তাৰ কাষে কাষে গৈছিল।
28 তেতিয়া যিহোৱাই গাধটোৰ মুখ খুলি দিলে। তাই ক’লে: "মই কি ভুল কৰিলোঁ? তুমি মোক কিয় তিনিবাৰ মাৰিলা?"