Genesis 38
1 সেই সময়তে, যিহূদাই ককায়েকহঁতক এৰি গুচি গ'ল। তেওঁ অদুল্লমৰ হীৰা নামৰ এজন বন্ধুৰ লগত থাকিবলৈ গ'ল।
6 যিহূদাই নিজৰ ডাঙৰ পুতেক এৰৰ বাবে এজনী পত্নী বিচাৰিলে। তাইৰ নাম আছিল তামাৰ।
12 বহু বছৰ পাৰ হ'ল। যিহূদাৰ পত্নীৰ মৃত্যু হ'ল। কান্দি কান্দি শান্ত হোৱাৰ পিছত, তেওঁ ভেড়াৰ নোম কাটিবলৈ তিম্নালৈ গ'ল। তেওঁৰ বন্ধু হীৰাও তেওঁৰ লগত গৈছিল।
20 যিহূদাই নিজৰ বন্ধু হীৰাৰ হাতত ছাগলীটো পঠিয়ালে। হীৰা তিৰোতাজনীৰ পৰা বস্তুবোৰ ঘূৰাই আনিবলৈ গৈছিল। তেওঁ তাইক বিচাৰি নাপালে।