Genesis 34
1 দীনা আছিল লেয়াৰ জীয়াৰী। এদিন তাই ওচৰতে থকা গাভৰু ছোৱালীবোৰক চাবলৈ গৈছিল।
2 চিখিমে তাইক দেখিলে। সি আছিল হিব্বীয়া হমোৰৰ পুতেক। সি সেই দেশ শাসন কৰিছিল। সি তাইক ধৰিলে। সি জোৰকৈ তাইক ধৰ্ষণ কৰিলে।
3 তাৰ পাছত তাৰ মন দীনাৰ প্ৰতি আকৃষ্ট হ'ল। সি তাইক ভাল পালে। সি তাইক মৰমৰ কথা ক'লে।
8 হমোৰে ক'লে, "মোৰ ল'ৰাটোৱে তোমাৰ জীয়াৰীক ভাল পায়। অনুগ্ৰহ কৰি তাইক তাৰ পত্নী হ'বলৈ দিয়া।"
13 যাকোবৰ পুতেকহঁতে এটা ফন্দি পাতিলে। সিহঁতে চিখিম আৰু হমোৰক মিছা কথা ক'লে কাৰণ চিখিমে দীনাক হানি কৰিছিল।