Genesis 29
1 যাকোব খোজ কাঢ়ি গৈ থাকিল। তেওঁ পূব দিশৰ মানুহবোৰৰ দেশ পালেগৈ।
9 যাকোবে তেওঁলোকৰ লগত কথা পাতি থাকোঁতেই ৰাহেল তাইৰ দেউতাকৰ মেৰ-ছাগলীবোৰ লৈ আহিল।
11 যাকোবে ৰাহেলক চুমা খালে। তেওঁৰ দুচকুৰে চকুলো বৈ আহিল।
13 লাবনে খবৰটো পালে। তেওঁৰ ভনীয়েকৰ পুত্ৰ আহিছে! তেওঁ দৌৰি ওলাই আহিল, যাকোবক সাৱটি ধৰিলে আৰু তেওঁক চুমা খালে। তেওঁ যাকোবক ঘৰলৈ লৈ আহিল। যাকোবে তেওঁক সকলো কথা বিৱৰি ক'লে।
15 "তুমি মোৰ পৰিয়ালৰ। কিন্তু তুমি বিনা পইচাত কাম কৰা উচিত নহয়। মই তোমাক কিমান পাৰিশ্ৰমিক দিব লাগে?"