Genesis 20

1 অব্ৰাহামে নিজৰ বস্তু-বাহানি বান্ধি লৈ দক্ষিণৰ মৰুভূমিলৈ গ'ল। তেওঁ কাদেচ আৰু চূৰৰ মাজত থাকিল। তেওঁ গৰাৰত এজন বাহিৰৰ মানুহ হিচাপে বাস কৰিলে।

2 তাত থাকোঁতে, অব্ৰাহামে মানুহবোৰক ক'লে যে চাৰাহ তেওঁৰ ভনীয়েক হয়। গৰাৰৰ ৰজা অবীমেলকে তাইৰ বিষয়ে শুনিবলৈ পালে। তেওঁ মানুহ পঠিয়াই তাইক নিজৰ ঘৰলৈ লৈ আহিল।

3 সেই ৰাতি ঈশ্বৰে সপোনত অবীমেলকক দৰ্শন দিলে। "তুমি এতিয়া মৰা মানুহৰ নিচিনা। তুমি যিজনী তিৰোতা লৈ আহিছা, তাই আন এজন মানুহৰ পত্নী।"

14 অবীমেলকে অব্ৰাহামক ভেৰা, গৰু আৰু কাম কৰা মানুহ দিলে। তেওঁৰ হৈ কাম কৰিবলৈ মতা আৰু তিৰোতা দিলে। তেওঁ চাৰাহক ঘূৰাই দিলে।

17 অব্ৰাহামে অবীমেলকৰ বাবে ঈশ্বৰক প্ৰাৰ্থনা কৰিলে। ঈশ্বৰে তেওঁক সুস্থ কৰিলে। তেওঁ তেওঁৰ পত্নীকো সুস্থ কৰিলে। তেওঁৰ ঘৰত কাম কৰা সকলো তিৰোতাক তেওঁ সুস্থ কৰিলে, যাতে তেওঁলোকৰ আকৌ ল'ৰা-ছোৱালী হ'ব পাৰে।