Genesis 2

7 যিহোৱা ঈশ্বৰে মাটিৰ পৰা ধূলি তুলি ল'লে। তেওঁ এজন মানুহ বনালে। তেওঁ ওচৰলৈ গৈ মানুহজনৰ নাকত উশাহ দিলে। মানুহজনৰ বুকু ফুলি উঠিল। তেওঁ জীয়াই উঠিল!

8 যিহোৱা ঈশ্বৰে পূব ফালে, এদনত এখন বাগিচা পাতিলে। তেওঁ মানুহজনক তাত ৰাখিলে।

9 যিহোৱা ঈশ্বৰে মাটিৰ পৰা গছ-গছনি গজালে। ধুনীয়া গছ। ভাল ফলেৰে ভৰা গছ। বাগিচাৰ মাজত দুজোপা গছ আছিল, জীৱনৰ গছ আৰু ভাল-বেয়া জনাৰ গছ।

16 যিহোৱা ঈশ্বৰে মানুহজনক এটা আজ্ঞা দিলে। "বাগিচাৰ যিকোনো গছৰ পৰাই খাবা। তোমাৰ যি মন যায়।"

18 যিহোৱা ঈশ্বৰে ক'লে, "মানুহজন অকলে থকাটো ভাল নহয়। মই তেওঁৰ বাবে এজন উপযুক্ত সহায়ক বনাম।"