Genesis 14
5 চৈধ্য বছৰ আহিল। কদৰ্লায়োমৰে যুদ্ধ কৰিবলৈ আহিল। তেওঁৰ লগৰবোৰো আহিল। সিহঁত ধুমুহাৰ দৰে আহিল। সিহঁতে ৰফায়ীয়াসকলক হৰুৱালে। সিহঁতে চূজীয়াসকলক হৰুৱালে। সিহঁতে এমীয়াসকলক হৰুৱালে।
12 সিহঁতে লোটকো লৈ গ'ল! অব্ৰামৰ ভতিজাক। লোট চদোমতে আছিল। ৰজাকেইজনে তেওঁক আৰু তেওঁৰ আটাইবোৰ বস্তু লৈ গ'ল।
13 এজন মানুহ পলাই সাৰিল! তেওঁ দৌৰি অব্ৰামৰ ওচৰলৈ গ'ল। অব্ৰাম মম্ৰিৰ ডাঙৰ গছবোৰৰ ওচৰত আছিল। মম্ৰিৰ দুজন ভায়েক আছিল, ইষ্কোল আৰু আনেৰ। তেওঁলোক আটাইয়ে অব্ৰামক সহায় কৰিবলৈ কথা পাতিলে।
14 শত্ৰুৱে লোটক লৈ যোৱাৰ কথা অব্ৰামে শুনিলে। তেওঁ জাঁপ মাৰি উঠিল! তেওঁ নিজৰ সৈন্যবোৰক মাতিলে। তেওঁৰ ঘৰতে ডাঙৰ-দীঘল হোৱা তিনিশ ওঠৰজন মানুহ। অব্ৰামে শত্ৰুবোৰক দানলৈকে খেদি গ'ল।
15 সেই ৰাতি অব্ৰামে তেওঁৰ মানুহবোৰক বেলেগ বেলেগ দলত ভাগ কৰিলে। তেওঁ চাৰিওফালৰ পৰা আক্ৰমণ কৰিলে! শত্ৰুবোৰ ভয়ত পলাল। অব্ৰামে সিহঁতক দম্মেচক পাৰ হৈ হোবালৈকে খেদি লৈ গ'ল।